Sunday, 31 December 2017

NRC Assam Draft Checking

NRC Assam Draft Checking


অৱশেষত প্ৰকাশ পালে বহু প্ৰত্যাশিত, NRC Assam ৰ draft।
আপোনাৰ পৰিয়ালৰ নামসমূহ NRC ৰ Draft ত অন্তৰ্ভুক্ত হৈছেনে নাই সহজেই check কৰক, তলৰ লিংক সমূহৰ জৰিয়তে।
Now check your family members name in Draft NRC Assam. How to check your name in draft NRC? Process of checking is below-

 Step I : Go to any  direct link below
Step II : Type your 21 digit ARN( Application Receipt No) number 

Full list of Links for Direct NRC Draft publication page


Link of office of NRC State coordinator
            http://nrcassam.nic.in

(List of websites for NRC Draft Checking)


Sunday, 17 December 2017

অসম দাপোণ android app

অসম দাপোণ android app


আপোনাৰ এন্দ্ৰইড মোবাইলত অসম দাপোণ এপটো ইনষ্টল কৰক আৰু সকলো অসমীয়া বাতৰি কাকত সহজে পঢ়ক।


অসম দাপোণ এন্দ্ৰইড এপ ডাউনলোড বা আপডেট কৰিবলৈ তলৰ লিংকত ক্লিক কৰক



[Version : 1.3]
[Release Date : 1/2/2018]

(Note : play store ৰ বাহিৰৰ এপ  install কৰিবলৈ আপোনাৰ মোবাইলত settings> security/privacy> allow installation of unknown apps  অন কৰিব লগা হব পাৰে। )

Tuesday, 12 September 2017

NIOSত নামভৰ্তি জাননী।

NIOSত নামভৰ্তি জাননী।


অসমৰ কাৰণে বিশেষ ভাবে NIOS ৰ DElEd নামভৰ্তি ৱেবছাইট update কৰিলে, এতিয়া ১০ আগষ্টৰ পিছত নিযুক্তি পোৱা সকলেও নামভৰ্ত্তি কৰিব পাৰিব। অন্তিম তাৰিখ 15 ছেপ্টেম্বৰ 2017।


Monday, 11 September 2017

Sunday, 10 September 2017

Saturday, 9 September 2017

Thursday, 7 September 2017

পেলনীয়া সামগ্ৰীৰে কিছু শিল্পকৰ্ম

পেলনীয়া সামগ্ৰীৰে কিছু শিল্পকৰ্ম




কণীৰ চোকোৰাৰে পাত্ৰ সজাওঁ আহক 

প্ৰয়োজনীয় সামগ্ৰী :
যিকোনো আকাৰৰ দৈৰ পাত্ৰ বা পেলনীয়া ঘট (ইয়াত মলাইৰ সৰু পাত্ৰ এটা লোৱা হৈছে ) 

ফেৱিকল আঠা 
কণীৰ চোকোৰা
ৰং (ফেব্ৰিক কালাৰ)
ব্ৰাছ ( no. 2/3 )
গ্লিটাৰ এটা
ষ্টোন ( ইচ্ছানুযায়ী)

● প্ৰথমতে পাত্ৰটো ধুই শুকুৱাই লৈ তাত মনৰ পছন্দৰ ৰং (বেচ কালাৰ হিচাপে) দিব ।● দ্বিতীয়তে কণীৰ চোকোৰাটো সৰু সৰুকৈ ভাঙি পাত্ৰটোৰ গাত আঠা দি লগাই যাব । ডাঙৰ পাত্ৰ হ'লে টুকুৰাবোৰ ডাঙৰকৈ দিব । 
● আঠা শুকালে চোকোৰাবোৰত ৰং দিব । চোকোৰাৰ প্ৰতিটো টুকুৰাত বেলেগ বেলেগ ৰঙো দিব পাৰে । ৰং শুকালে গ্লিটাৰেৰে কাষত আউটলাইন দিব । ইচ্ছা কৰিলে ষ্টোন লগাব পাৰে । এইটো ফুলডানি হিচাপে বা এনেয়েও সজাব পাৰে । কণীৰ চোকোৰাৰ উপৰিও বাদামৰ বাকলি বালি আদিও ব্যৱহাৰ কৰিব পাৰে ।


বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তৈয়াৰ কৰাৰ কাৰণে খুউব সহজলভ্য, কমখৰচী সামগ্ৰীৰে আৰু সহজকৈ তৈয়াৰ কৰিব পৰাকৈ দিয়া হৈছে । )

*শিল্পকাৰ

ফেব্ৰিক কালাৰ
ব্ৰাছ
ফেভিক'ল আঠা
পট, প্লেট বা য'ত বনাব খোজে ।

    বজাৰত উপলব্ধ 'শিল্পকাৰ' পেকেট ক্ৰয় কৰি পেকেটৰ ভিতৰত থকা দুইবিধ সামগ্ৰী 
ভালদৰে মিহলাই ল'ব । আটা মথাৰ দৰে মথিব । হাতত অলপমান পাওডাৰ সানি ল'ব, লাগি নধৰে । অথবা বজাৰত পোৱা 'চাইনিজ ক্লে পাওডাৰ' ল'ব পাৰে । পাওডাৰ আৰু ফেভিক'ল আঠা অলপ আটা মথাৰ দৰে মথি মিশ্ৰণটো বনাই ল'ব ।ইয়াৰ পিছত মিশ্ৰণটোৰ পৰা সৰু সৰু বল কৰি হাতেৰে হেঁচি সৰু সৰু ৰুটীৰ দৰে বনাই ল'ব ।তাৰ পিছত এখনৰ কাষত আনখন জাপি গোলাপৰ আকাৰ দিব । বেলেগ ফুলো বনাব পাৰে । পাতৰ বাবে হাতেৰে পাতৰ আকাৰ দি চুৰি দি কাটি শিৰা বিলাক দিব পাৰে। ফুলপাহ ক'ৰবাত লগাবলৈ ফেভিকল আঠা ব্যৱহাৰ কৰিব। আধাঘণ্টামান পিছত সেইখিনি শুকালে পছন্দমতে ৰং দিব । 
    এনেদৰে ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন মডেলো তৈয়াৰ কৰিব পাৰে । যিহেতু নগৰ অঞ্চলত মাটিৰে বস্তু বনাবলৈ অলপ অসুবিধা হয় । এইবোৰৰ স্থায়িত্বও মাটিৰ বস্তুতকৈ বেছি‍ ।
                                                       লখিমী হাজৰিকা, ৰাংচালি মধ্য ইংৰাজী বিদ্যালয় শি‍ক্ষাখণ্ড তিতাবৰ, যোৰহাট


Tuesday, 5 September 2017

আঘোণৰ সপোন

আঘোণৰ সপোন

আঘোণৰ সপোন - কবিতা

    আঘোণৰ সোণালী সপোন এটা     
   
বুকুত বান্ধি কঢ়িয়াই লৈ ফুৰোঁতেই                 
   
পিতাইৰ দুখ এবোজা !
    ঢিমিক্‌ ঢামাক্‌কৈ‍ জ্বলা চাকিৰ পোহৰত, 
    আইৰ চকুপানীবোৰ শুকাই গ’ল !
 নৈখনে নুবুজে ,
    কিমান দুখ সহিলে
 
    আকাশখনেও যে ওফোন্দ পাতে !
    তপত হুমুনিয়াহবোৰ নিস্তব্ধতা ভাঙি সৰি পৰে 
    যেন আকাশৰ পৰা দুখবোৰ,
    পপীয়া-তৰা হৈ খহি পৰে !
    
         *     *    *   *  
                                    পল্লৱী বৰুৱা

ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ : এক আলোকপাত

ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ : এক আলোকপাত


                ‘When we think , we learn 

                  We cheese to know.’


    পৰিচয়:- বিশ্ব-দাৰ্শনিক ৰূপে পৰিচিত সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী বিশ্ববৰেণ্য শিক্ষাবিদ। এইগৰাকী শিক্ষাবিদৰ ওপজা দিনটোতেই পালন কৰা হয় এটা বিশেষ দিৱস , যিটো শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰাটো এটা পৰম্পৰা ৰূপে পৰিগণিত হৈছে ।

      জন্ম :- ° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছে‍প্তেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুট্টানী চহৰৰ এগৰাকী সাধাৰণ কৰ-কৰ্মচাৰী সৰ্বপল্লী ৱীৰাস্বামীৰ ঔৰসত, সীতাম্মাৰ গৰ্ভত। তেওঁলোকৰ পৰিয়ালটো আছিল তেলেগু ব্ৰাহ্মণ পৰিয়াল। পিতৃৰ কৰ্মস্থলী তিৰুট্টানী হোৱা বাবে ৰাধাকৃষ্ণণৰ বেছিভাগ সময়  তিৰুট্টানী আৰু তিৰুপতি চহৰতে পাৰ হৈছিল ৷


     শিক্ষাজীৱন :- ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ-মাতৃৰ তত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত তেওঁক তিৰুপট্ট‍িৰ 'লুথেৰান মিছন' স্কুললৈ পঠোৱা হয়। প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পিছত ১৮৯৬ চনত তিৰুপট্টতি‍ চহৰৰ 'হাৰ্মান্সবাৰ্গ ইভান্‌জে‍লিকেল লুথাৰেল মিশ্যন' স্কুলত নামভৰ্ত্তি কৰে আৰু ক্ৰমাৎ শিক্ষাজীৱন আগবঢ়াই নিয়ে। ছাত্র হিচাপে ৰাধাকৃষ্ণণ অতি মেধাৱী আছিল। পঢ়ি থকা সময়ছোৱাত প্ৰতিবাৰতে বৃত্তি পাবলৈও সক্ষম হৈছিল। দুখীয়া পৰিয়ালৰ আছিল বাবে সেই বৃত্তিৰ পৰা পোৱা মাননীকেইটাৰেই নিজৰ শিক্ষাৰ ক্ষেত্ৰৰ প্ৰয়োজনসমূহ নিজে পূৰাই ল'বলৈ চেষ্টা কৰিছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিশ্যনেৰি‍সকলৰ মাজত। মিশ্যনেৰি‍সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানসমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণণ ডাঙৰ হৈছিল। ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতায়ো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাটো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাক্ষ্মণ পৰিয়ালসমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি.. পাঠ্যক্ৰমত গণিত, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন - এইকেইটা বিষয়ৰ কোনটোক তেওঁ অনাৰ্ছবিষয় হিচাপে ল,তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই দৰ্শনত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপকেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে অনাৰ্ছলোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম..ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ গৱেষণা-গ্ৰন্থ (Thesis)- ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শন সম্পৰ্কীয় তেওঁৰ প্ৰথম গ্ৰন্থ হিচাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ যি গভীৰতা পৰিলক্ষিত হয়, তাৰ মাজতেই দেখিবলৈ পোৱা যায় পৰৱৰ্তী কালৰ মহান দাৰ্শনিকজনকো।


     কৰ্মজীৱন :-  ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৰ্মজীৱনৰ পাতনি মেলে এগৰাকী অধ্যাপক হিচাপে। ১৯০৯ চনৰ এপ্ৰিল মাহত মাদ্ৰাজৰ প্ৰেচিডেন্সী কলেজত অধ্যাপনা কৰি ছাত্র-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ জ্যোতি বিলাবলৈ ধৰে। তাৰপিছত ১৮১৮ চনত মহীশূৰ বিশ্ববিদ্যালয়ে‍ তেখেতক দৰ্শন বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি দিয়ে।  নিজৰ মেধা গুণৰ বলত খুব সোনকালেই নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাবলৈ সক্ষম হয়। তিনিবছৰ মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছতেই কলিকতা বিশ্ববিদ্যালয়'ৰ আমন্ত্ৰণক্ৰমে তেখেত দৰ্শন বিভাগৰ ‘King George V’ আসনৰ  ‘Mental and Moral Science’ বিষয়ত যোগদান কৰে। কৰ্মজীৱনৰ এই সময়ছোৱাতেই তেখেতৰ বিভিন্ন বিষয়ক কেইবাটাও প্ৰবন্ধ প্ৰকাশ হৈ ওলাইছিল।  ১৯২৯ চনত অধ্যাপনাৰ বাবে তেখেতে‍ নতুনকৈ আমন্ত্ৰণ পাইছিল মান্‌চেষ্টাৰকলেজত‌। ইয়াত অধ্যাপনা কৰি থকা কালছোৱাতে তেখেতে‍ 'অক্সফ'ৰ্ড বিশ্ববিদ্যালয়'ৰ ছাত্র-ছাত্ৰীসকলক পঢ়াবলৈ সুযোগ পায়। ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈকে ড° ৰাধাকৃষ্ণণে 'অন্ধ্ৰ বিশ্ববিদ্যালয়'ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰে। অহৰহ শিক্ষাজগতখনৰ সৈতে জড়িত হৈ থকা এইগৰাকী ভাৰতীয় দাৰ্শনিকে ১৯৩৯ চনৰ পৰা ভাৰত স্বাধীন হোৱা কাললৈকে 'বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে থাকি শিক্ষা বিলাই যায়। 

    তেখেতে‍ দৰ্শন বিষয়তো ভালেমান অৱদান আগবঢ়াইছে। ভাৰতীয় দৰ্শন সম্পৰ্কে তেখেতে‍ ভালেমান মূল্যৱান গ্ৰন্থ ৰচনা কৰিছে। বিশ্বৰ মহানতম দাৰ্শনিকৰূপে দাঙি ধৰা তেখেতৰ দাৰ্শনিক ৰচনাসমূহৰ মাজৰ কিছুমান তলত দিয়া হ:-



১)  The Ethics of the Vedanta and its Material Presuppoliton (1908)

২)  The Philosophy of Rabindranath Tagor (1918)

৩)  The Reign of Religion in Contemporary Philosophy (1920)

৪) Indian Philosophy (2 volumes 1923 and 1927)

৫) The Hindu view of Life (1926)

৬) The religion we Need (1928)

৭) Kalki or The Future of Civilization (1929)

৮) An Idealist view of Life (1932)

৯) East and West in Religion (1933)

১০) Freedom and Culture (1936)

১১) The Heart of Hinduism (1936)

১২) My Search for Truth (Autobiography 1937)

১৩) Gautama the Buddha (1938)

১৪) Eastern Religion and Western Thought (1939)

১৫)  Mahatma Gandhi (1939)

১৬) India and China (1944)

১৭) Education, Politics and War (1944)

১৮) The Religion and Society (1947)

১৯) The Bhagavadgita (1948)

২০) Great Indians (1949)

২১) The Dhammapada (1950)

২২) The Religion of the spirit and the Worlds Need (1952)



    ৰাজনীতিৰ ক্ষেত্ৰতো ৰাধাকৃষ্ণণে ইতিহাস ৰচনা কৰিছে। নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদত বৈদেশিক মন্ত্ৰী হিচাপে ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত ৰচনা কৰে এক নতুন অধ্যায়ৰ। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত ভাৰতৰ সপক্ষে ছোভিয়েতৰ সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল । ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে‍ নিৰ্বাচিত হয়। 





    উপসংহাৰ :- উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল ৰাধাকৃষ্ণণভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ব্ৰহ্মৰ উপলব্ধিত। ইয়াৰ বাবে পৰ্যায়ক্ৰমে ব্ৰহ্মচৰ্য পালন, ব্ৰহ্মজ্ঞানৰ সাধন আৰু ব্ৰহ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰহ্মচাৰী, এজন প্ৰকৃত ব্ৰহ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰহ্মবাদী আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিঃপ্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হল বিশ্ব-মনীষীসকলৰ ভিতৰতে‍ এক ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশগ্ৰহণ কৰি তেখেত সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেখেতক বিশ্ববাসীয়ে অধিক সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে। 



   তদুপৰি তেখেতে‍ বহুতো উপাধিও লাভ কৰে। ১৯৩১ চনত তেওঁ নাইটউপাধি লাভ কৰিছিল। ১৯৫৪ চনত ভাৰত চৰকাৰে তেখেতক ভাৰত ৰত্ন উপাধি প্ৰদান কৰে। ১৯৩৩ চনৰ পৰা ১৯৩৭ চনলৈকে একেৰাহে পাঁচবাৰকৈ নবেল বঁটাৰ বাবে মনোনীত হয় । 



    মৃত্যু :- এই মহান মনী‍ষীগৰাকীয়ে জীৱনৰ সাধনা সমাপ্ত কৰি ১৯৭৫ চনৰ ১৭ এপ্ৰিলৰ দিনা এই পৃথিৱীৰ পৰা মেলানি মাগে। তেওঁ সদায় সমগ্ৰ ভাৰতবাসীৰ মাজত নিজৰ কৰ্মৰাজিৰ বাবে‍ জীয়াই আছে আৰু আগলৈও জীয়াই থাকিব।

(সকলো শি‍ক্ষক-শি‍ক্ষয়িত্ৰীলৈ শি‍ক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছাৰে )
                             - সম্পাদনা কক্ষ, অসম দাপোণ
                                    ০৫/০৯/২০১৭