কথাটো অৱশ্যে নোহোৱা নহয় অ' মালতী ! চৰকাৰে কিতাপ -বহী দিছে, চোলা -কাপোৰো দিছে , স্কুলঘৰ , ডেস্ক -বেঞ্চ সকলো দিছে আৰু নতুন নতুন ভাল ভাল ছাৰ-বাইদেৱো দিছে .... কিন্তু তথাপিও আমাৰ ল'ৰা -ছোৱালীয়ে সদায় স্কুল গৈছেনে নাই , বহী -কলম -পেঞ্চিল আছেনে নাই , ঘৰত কৰিবলৈ দিয়া কামখিনি কৰিলেনে নাই - এই সামান্য খবৰখিনিও আমি নাৰাখোঁ ৷ ক'ত ভাল হ'ব আমাৰ ল'ৰা -ছোৱালী ,আৰু স্কুলত ছাৰ -বাইদেৱে অকলে কিডালনো কৰিব হয়নে !
“মালতী... অ’ মালতী .... মালতী অ’ ক’ত গ’লি ঔ এইজনী ? চাওঁ এইফালে আহচোন আহ..” --- চোতালৰ একোণত ৰিক্সাখন ৰাখিয়েই চিঞৰিব ধৰিলে জীৱনে। “অ’... , ইহঁত দুয়োটা শুলেই নেকি ? ছেঃ , মোৰ দেৰিয়েই হ’ল নহয়, পঢ়া-শুনা কিবা কৰিলে নে নাই ইহঁতে... ?”- জীৱনৰ প্ৰশ্ন। “ঔ আই ! আজি দেখোন সিহঁতৰ পঢ়া শুনাৰ খবৰ লৈছে ? ইমানদিনে ল’ৰা-ছোৱালীহালে খাইছে- নাখাইছে, পঢ়িছে-নপঢ়িছে, পিন্ধিছে-নিপিন্ধিছে ,ক’ত যায় ,কি কৰে, কি নকৰে নিজে বাপেকটো হৈ একোএটা খবৰেই নাই ৷ আজি আকৌ কি হ’ল ?”-- মালতী অবাক। “অ’হ, তই ঠিক কথাই কৈছ অ’ মালতী, ইমানদিনে সঁচাকৈ আমি বৰ ডাঙৰ ভুল কৰি আছোঁ.... ইহঁতক আমি গুৰুত্ব দিব লাগিব। ইহঁত দুটাই আমাৰ সম্পত্তি। ইহঁতক আমি পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিম। ইহঁতে পঢ়ি-শুনি ডাঙৰ হৈ চাকৰি কৰিব, বহুত টকা ঘটিব, আমাৰ দৰে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰিব নালাগিব আৰু বুঢ়া বয়সত ইহঁতেই আমাক চোৱা-চিটা কৰিব। মুঠৰ ওপৰত ইহঁতক আমি ভাল মানুহ কৰিবই লাগিব মালতী...৷”- কথাষাৰ কৈ কৈ জীৱনে ঘামেৰে লুতুৰি-পুতুৰি হৈ থকা গাৰ গেঞ্জিটো খুলি থৈ বাৰাণ্ডাৰ মাটিতেই বহি পৰিল । “হেৰি, আপুনি আজি দেখোন কিবাকিবি নতুন নতুন কথাবোৰ কৈ আছে, কি হৈছে আজি মানুহটোৰ ? ইমান দেৰিলৈকে ৰাস্তাত থাকি উতনুৱাকেইটাৰ লগত কিবা খাই অহা নাইতো?” - মালতীয়ে ঠাণ্ডা পানী এঘটি আৰু গিলাচ এটা আনি জীৱনৰ মুখৰ ওচৰত নাকটো লগাই শুঙি চাবলৈ ধৰিলে। “হেই এইজনী…. চাওঁ , হুঁ পিঠিখনৰ ঘামচি কেইটা ফুটাই দেচোন আহ আৰু কথা এটা কওঁ শুন...।” “অ’ কি হ’লনো কওকচোন ৷”- মালতীয়ে ওচৰতে বহি জীৱনৰ পিঠিৰ ঘামচিকেইটা ফুটাই ফুটাই লাহেকৈ সুধিলে। "শুন , আজি তিনি-আলিটোত ভাড়াৰ বাবে বহি থাকোঁতে বৰ ধুনীয়াকৈ ছোৱালী এজনীয়ে আহি ক’লে নহয়, “অ’ দাদা.. যাব নেকি ?” মই বোলো “যাম ৷ পিছে ক’লৈ?” তেওঁতো চিধাই ৰিক্সাখনত বহি লৈ ক’লে, “ব’লক ব’লক, দেৰিয়েই হ’ব নহ’লে..” মই বোলো “যাব ক’লৈ ?” তেওঁ ক’লে “পুঠিমাৰী এল পি স্কুললৈ” ৷ মইতো আচৰিতেই ! “অ’ তাৰ পিছত ?” --মালতীৰ উৎসুকতা। “তাৰ পিছত কি হ’ব আৰু ! বৰ লাজ পালোঁ জাননে ? তেওঁ হেনো আমাৰ এল. পি. স্কুলখনৰে টেট্ বাইদেউ। আমাৰ বাবু-মাইনাহঁতক আজি পাঁচবছৰেই হ’ল পঢ়াই আছে চাচোন ৷ আমি হ’লে চিনিয়েই নাপাওঁ .....!” “অ’ হয় নেকি ? কেনেকৈনো চিনি পাম !কোনোবা দিনাখন এবাৰ স্কুললৈ গৈ পাইছোঁনে ? মিটিঙলৈ মাতিলেও যোৱাৰ সময়েই নহয় দেখোন আমাৰ...!” - মালতীৰ আক্ষেপ। “মালতী, এদিন কামলৈ নগ’লে খাবলৈ নোযোৰা আমিবোৰে এই মিটিং-চিটিং কৰিবলৈ যাওঁ কিদৰে বাৰু কচোন ৷”- জীৱনৰ হতাশাভৰা হুমুনিয়াহ। “উম... পিছে আৰু কি হ’লনো ?” “অ’ তেওঁ ক’লে - কিবা হেনো গুণৰ উৎসৱ পাতিছে চৰকাৰে, ছাৰ-বাইদেউহঁতক মন্ত্ৰীয়ে গালি দিছে, ল’ৰা-ছোৱালীহঁতক লিখিব-পঢি়ব পৰা কৰি তুলিবই লাগিব যিকোনো উপায়েৰে । পিছে তেওঁহে বৰ দুখেৰে ক’লে যে আমাৰ ল’ৰা-ছোৱালীহঁতে হেনো ঘৰত নপঢ়ে৷ স্কুললৈ বহী-কলম-পেঞ্চিল একোৱেই নিনিয়ে। মাক-বাপেকবোৰৰো হেনো কোনো গুৰুত্ব নাই৷ সকলোৱে কেৱল খোৱা-বোৱাৰহে খবৰ লয়। ভাত খুৱালে নে খিচিৰি খুৱালে, চয়াবিন নে কণী… ইত্যাদি ইত্যাদিহে খবৰ ৰাখে। ইফালে সিহঁতে ক-ফলা, অ-ফলা, ABCD, ১২৩৪, 1234 খিনিও ভালকৈ লিখিব-পঢ়িব যে নোৱাৰে সেইবোৰ হ’লে খবৰেই নাই ! কথাটো অৱশ্যে নোহোৱা নহয় অ’ মালতী ! চৰকাৰে কিতাপ-বহী দিছে, চোলা-কাপোৰো দিছে, স্কুলঘৰ, ডেস্ক-বেঞ্চ সকলো দিছে আৰু নতুন নতুন ভাল ভাল ছাৰ-বাইদেৱো দিছে.... কিন্তু তথাপিও আমাৰ ল'ৰা-ছোৱালীয়ে সদায় স্কুল গৈছেনে নাই, বহী-কলম-পেঞ্চিল আছেনে নাই, ঘৰত কৰিবলৈ দিয়া কামখিনি কৰিলেনে নাই - এই সামান্য খবৰখিনিও আমি নাৰাখোঁ ৷ ক’ত ভাল হ’ব আমাৰ ল’ৰা-ছোৱালী ,আৰু স্কুলত ছাৰ-বাইদেৱে অকলে কিডালনো কৰিব হয়নে !” – একে উশাহতে কথাবোৰ কৈ জীৱনে মালতীলৈ চালে। “উম.., কথাবোৰ আমি ইমানদিনে ভাবিয়েই পোৱা নাছিলোঁ। হেৰি, বাইদেউৰ পৰা আজি ভাড়াটো ল’লে নেকি বাৰু ?”- মালতীৰ কৌতুহল। “নলওঁ বুলিয়েই কৈছিলোঁ ৷ পিছে নামানিলে ৷ ২০ টকাৰ জেগাত ৫০টকা দি ‘ৰাখকচোন, সিহঁতক কিবাকিবি কিনি খুৱাব’ বুলি কৈ নামি গুচি গ’ল ৷ এদিন ঘৰলৈ মাতি চাহ একাপ খুৱাব লাগিব ৷ নহয়নে মালতী ?”-- জীৱনৰ কৃতজ্ঞতা। “কিয়নো নহয় ..আপুনি যদি কয় গঁৰালৰ মতা হাঁহৰ মাংসৰে এদিন ভাতকে খুৱাম দিয়ক । যাওক, এতিয়া গাটো ধুই আহক, মই ভাত বাঢ়োঁ...৷” মালতীৰ অব্দাৰ। “তাৰ আগতে আমাৰ ইহঁতকেইটাৰ ওপৰত আমি নজৰ ৰাখিবই লাগিব, যাতে ছাৰ-বাইদেউৰ মান ৰয় , স্কুলৰ নাম হয়, গাঁওখনৰ নাম হয় আৰু গোটেই অঞ্চলটোৰেই নাম অসমতখনত বিয়পি পৰে ৷”-কথাবোৰ কৈ কৈ হাতত গামোচাখন লৈ জীৱনে লাহে লাহে কলৰ পাৰলৈ খোজ ল’লে ।
*********************************
সহকাৰী শিক্ষক, ১৯৩৯ নং দক্ষিণ পেটলা প্ৰাথমিক বিদ্যালয়
আগমণি শিক্ষাখণ্ড , ধুবুৰী ম'বাইল - ৯৭০৭৮৫৮৩৯৪
“মালতী... অ’ মালতী .... মালতী অ’ ক’ত গ’লি ঔ এইজনী ? চাওঁ এইফালে আহচোন আহ..” --- চোতালৰ একোণত ৰিক্সাখন ৰাখিয়েই চিঞৰিব ধৰিলে জীৱনে।
“অ’... , ইহঁত দুয়োটা শুলেই নেকি ? ছেঃ , মোৰ দেৰিয়েই হ’ল নহয়, পঢ়া-শুনা কিবা কৰিলে নে নাই ইহঁতে... ?”- জীৱনৰ প্ৰশ্ন।
“ঔ আই ! আজি দেখোন সিহঁতৰ পঢ়া শুনাৰ খবৰ লৈছে ? ইমানদিনে ল’ৰা-ছোৱালীহালে খাইছে- নাখাইছে, পঢ়িছে-নপঢ়িছে, পিন্ধিছে-নিপিন্ধিছে ,ক’ত যায় ,কি কৰে, কি নকৰে নিজে বাপেকটো হৈ একোএটা খবৰেই নাই ৷ আজি আকৌ কি হ’ল ?”-- মালতী অবাক।
“অ’হ, তই ঠিক কথাই কৈছ অ’ মালতী, ইমানদিনে সঁচাকৈ আমি বৰ ডাঙৰ ভুল কৰি আছোঁ.... ইহঁতক আমি গুৰুত্ব দিব লাগিব। ইহঁত দুটাই আমাৰ সম্পত্তি। ইহঁতক আমি পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিম। ইহঁতে পঢ়ি-শুনি ডাঙৰ হৈ চাকৰি কৰিব, বহুত টকা ঘটিব, আমাৰ দৰে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰিব নালাগিব আৰু বুঢ়া বয়সত ইহঁতেই আমাক চোৱা-চিটা কৰিব। মুঠৰ ওপৰত ইহঁতক আমি ভাল মানুহ কৰিবই লাগিব মালতী...৷”- কথাষাৰ কৈ কৈ জীৱনে ঘামেৰে লুতুৰি-পুতুৰি হৈ থকা গাৰ গেঞ্জিটো খুলি থৈ বাৰাণ্ডাৰ মাটিতেই বহি পৰিল ।
“হেৰি, আপুনি আজি দেখোন কিবাকিবি নতুন নতুন কথাবোৰ কৈ আছে, কি হৈছে আজি মানুহটোৰ ? ইমান দেৰিলৈকে ৰাস্তাত থাকি উতনুৱাকেইটাৰ লগত কিবা খাই অহা নাইতো?” - মালতীয়ে ঠাণ্ডা পানী এঘটি আৰু গিলাচ এটা আনি জীৱনৰ মুখৰ ওচৰত নাকটো লগাই শুঙি চাবলৈ ধৰিলে।
“হেই এইজনী…. চাওঁ , হুঁ পিঠিখনৰ ঘামচি কেইটা ফুটাই দেচোন আহ আৰু কথা এটা কওঁ শুন...।”
“অ’ কি হ’লনো কওকচোন ৷”- মালতীয়ে ওচৰতে বহি জীৱনৰ পিঠিৰ ঘামচিকেইটা ফুটাই ফুটাই লাহেকৈ সুধিলে।
"শুন , আজি তিনি-আলিটোত ভাড়াৰ বাবে বহি থাকোঁতে বৰ ধুনীয়াকৈ ছোৱালী এজনীয়ে আহি ক’লে নহয়, “অ’ দাদা.. যাব নেকি ?” মই বোলো “যাম ৷ পিছে ক’লৈ?” তেওঁতো চিধাই ৰিক্সাখনত বহি লৈ ক’লে, “ব’লক ব’লক, দেৰিয়েই হ’ব নহ’লে..” মই বোলো “যাব ক’লৈ ?” তেওঁ ক’লে “পুঠিমাৰী এল পি স্কুললৈ” ৷ মইতো আচৰিতেই !
“অ’ তাৰ পিছত ?” --মালতীৰ উৎসুকতা।
“তাৰ পিছত কি হ’ব আৰু ! বৰ লাজ পালোঁ জাননে ? তেওঁ হেনো আমাৰ এল. পি. স্কুলখনৰে টেট্ বাইদেউ। আমাৰ বাবু-মাইনাহঁতক আজি পাঁচবছৰেই হ’ল পঢ়াই আছে চাচোন ৷ আমি হ’লে চিনিয়েই নাপাওঁ .....!”
“অ’ হয় নেকি ? কেনেকৈনো চিনি পাম !কোনোবা দিনাখন এবাৰ স্কুললৈ গৈ পাইছোঁনে ? মিটিঙলৈ মাতিলেও যোৱাৰ সময়েই নহয় দেখোন আমাৰ...!” - মালতীৰ আক্ষেপ।
“মালতী, এদিন কামলৈ নগ’লে খাবলৈ নোযোৰা আমিবোৰে এই মিটিং-চিটিং কৰিবলৈ যাওঁ কিদৰে বাৰু কচোন ৷”- জীৱনৰ হতাশাভৰা হুমুনিয়াহ।
“উম... পিছে আৰু কি হ’লনো ?”
“অ’ তেওঁ ক’লে - কিবা হেনো গুণৰ উৎসৱ পাতিছে চৰকাৰে, ছাৰ-বাইদেউহঁতক মন্ত্ৰীয়ে গালি দিছে, ল’ৰা-ছোৱালীহঁতক লিখিব-পঢি়ব পৰা কৰি তুলিবই লাগিব যিকোনো উপায়েৰে । পিছে তেওঁহে বৰ দুখেৰে ক’লে যে আমাৰ ল’ৰা-ছোৱালীহঁতে হেনো ঘৰত নপঢ়ে৷ স্কুললৈ বহী-কলম-পেঞ্চিল একোৱেই নিনিয়ে। মাক-বাপেকবোৰৰো হেনো কোনো গুৰুত্ব নাই৷ সকলোৱে কেৱল খোৱা-বোৱাৰহে খবৰ লয়। ভাত খুৱালে নে খিচিৰি খুৱালে, চয়াবিন নে কণী… ইত্যাদি ইত্যাদিহে খবৰ ৰাখে। ইফালে সিহঁতে ক-ফলা, অ-ফলা, ABCD, ১২৩৪, 1234 খিনিও ভালকৈ লিখিব-পঢ়িব যে নোৱাৰে সেইবোৰ হ’লে খবৰেই নাই ! কথাটো অৱশ্যে নোহোৱা নহয় অ’ মালতী ! চৰকাৰে কিতাপ-বহী দিছে, চোলা-কাপোৰো দিছে, স্কুলঘৰ, ডেস্ক-বেঞ্চ সকলো দিছে আৰু নতুন নতুন ভাল ভাল ছাৰ-বাইদেৱো দিছে.... কিন্তু তথাপিও আমাৰ ল'ৰা-ছোৱালীয়ে সদায় স্কুল গৈছেনে নাই, বহী-কলম-পেঞ্চিল আছেনে নাই, ঘৰত কৰিবলৈ দিয়া কামখিনি কৰিলেনে নাই - এই সামান্য খবৰখিনিও আমি নাৰাখোঁ ৷ ক’ত ভাল হ’ব আমাৰ ল’ৰা-ছোৱালী ,আৰু স্কুলত ছাৰ-বাইদেৱে অকলে কিডালনো কৰিব হয়নে !” – একে উশাহতে কথাবোৰ কৈ জীৱনে মালতীলৈ চালে।
“উম.., কথাবোৰ আমি ইমানদিনে ভাবিয়েই পোৱা নাছিলোঁ। হেৰি, বাইদেউৰ পৰা আজি ভাড়াটো ল’লে নেকি বাৰু ?”- মালতীৰ কৌতুহল।
“নলওঁ বুলিয়েই কৈছিলোঁ ৷ পিছে নামানিলে ৷ ২০ টকাৰ জেগাত ৫০টকা দি ‘ৰাখকচোন, সিহঁতক কিবাকিবি কিনি খুৱাব’ বুলি কৈ নামি গুচি গ’ল ৷ এদিন ঘৰলৈ মাতি চাহ একাপ খুৱাব লাগিব ৷ নহয়নে মালতী ?”-- জীৱনৰ কৃতজ্ঞতা।
“কিয়নো নহয় ..আপুনি যদি কয় গঁৰালৰ মতা হাঁহৰ মাংসৰে এদিন ভাতকে খুৱাম দিয়ক । যাওক, এতিয়া গাটো ধুই আহক, মই ভাত বাঢ়োঁ...৷” মালতীৰ অব্দাৰ।
“তাৰ আগতে আমাৰ ইহঁতকেইটাৰ ওপৰত আমি নজৰ ৰাখিবই লাগিব, যাতে ছাৰ-বাইদেউৰ মান ৰয় , স্কুলৰ নাম হয়, গাঁওখনৰ নাম হয় আৰু গোটেই অঞ্চলটোৰেই নাম অসমতখনত বিয়পি পৰে ৷”-কথাবোৰ কৈ কৈ হাতত গামোচাখন লৈ জীৱনে লাহে লাহে কলৰ পাৰলৈ খোজ ল’লে ।
*********************************
সহকাৰী শিক্ষক, ১৯৩৯ নং দক্ষিণ পেটলা প্ৰাথমিক বিদ্যালয়
আগমণি শিক্ষাখণ্ড , ধুবুৰী
ম'বাইল - ৯৭০৭৮৫৮৩৯৪


সুন্দৰ।
ReplyDelete