চিন্তাৰ টুকুৰা - ১
ইয়াত কালি কুকুৰটোআধামৰা হৈ পৰিআছিল, তেজেৰে তুম্ৰলিহৈ । আজি তাৰ পেটটোৰআধা নাই, গাড়ীৰ চকাত গ’ল। মোৰ নাক বন্ধচল্লিশ চেকেণ্ড ৷ সকলোৰে বন্ধ, যেন কাঁহ পৰিজীণ গ’ল ! কাইলৈ বাকীখিনিও চকাৰতলতে যাব ৷ নাক বন্ধ কৰি ৰাখিমচল্লিশ চেকেণ্ড পৰহিলৈহে নাকৰ পৰাহাতবোৰ আঁতৰিব ! চিন্তাৰ টুকুৰা - ২
তথাপি আমিবোৰ ব্যস্ত... চল্লিশ চেকেণ্ডলৈহে আমাৰমানৱতাই সাৰ পায়৷ তাৰ পিছত কাইলৈনোহোৱালৈকে তাক ছুটীদিওঁ এদিনলৈ আমি আকৌ হৈপৰোঁ যন্ত্ৰ ৷
নাকতহাত থৈয়ে পাৰহৈ যাওঁ মানৱতাকগচকি ! হয়তো ছালডোখৰ তাতপৰি থাকি নিঃশেষহোৱাৰ আগতেই আমি পাহৰি যাম - কেঁচা মাংস পচিলেকেনেকুবা গোন্ধ ওলায় !
চিন্তাৰ টুকুৰা - ৩
ইয়াত মৰেই- কুকুৰ, গৰু, ছাগলী…
আৰু মানুহো মৰে , কেতিয়াবা ‘ব্ৰেকিংনিউজ’ হয় ৷ কাৰোবাৰ ঘৰত চৌকানুমায়, শোকৰ নদী বয়। সভ্যতাৰ একবিংশ শতিকাত আমি মাটি নহয় ……. মানুহহোৱাৰহে প্ৰয়োজন !
চিন্তাৰ টুকুৰা - ৪
ঠাইডোখৰহেনো বিপদজনক... প্ৰায়েইদুৰ্ঘটনা ঘটে ৷ নিউজতপ্ৰায়েই ওলায় এইঠাইডোখৰৰ কথা ৷ মাজেমাজে কোনো একোটা‘নিউজচেনেল’ত ‘ব্ৰেকিংনিউজ’ দিয়ে কোনোবাঢুকোৱাৰ ৷ লগতেক’বলৈ নাপাহৰে - ঠাইডোখৰহেনো আপদীয়া, কিবাভূত-প্ৰেতৰ ছায়াআছে হেনো... ! চৰকাৰেআঁৰি থোৱা চাইনব’ৰ্ডখনলৈকাৰো চকু নাযায়.... চাইনব’ৰ্ডপঢ়িবলৈ আমাৰ সময়েইবা ক'ত ! ব্ৰেকমাৰি গাড়ীখন ধীৰকৰিবলৈকে আমাৰ সময়নাই অথচ... চাইনব’ৰ্ডখনতএতিয়াও এতৰপ ধূলিৰতলত শুই আছে, ইংৰাজীৰশব্দ কেইটা ৷ সকোলোৰেইদৃষ্টিৰ অগোচৰত - “Accident Prone Area, Please Drive Slowly.”
চিন্তাৰ টুকুৰা – ৫
এদিনময়ো হয়তো হেৰাইযাম এই পৃথিৱীৰপৰা, এইনশ্বৰ দেহটো হ’বমাটি ….. ৷ আজিকালি পিছে বজাৰতমাটিৰ দাম চৰা, মাটিৰনামত ৰাজনীতিত চলিছেগৰম বতাহ ৷ পাৰিলেমোক তোমালোকে মাটিহ’বলৈ নিদিবা... য’তমাটিৰে গঢ়া পুতলালৈ মানৱতানাথাকে সভ্যতাৰএকবিংশ শতিকাত আমিমাটি নহয় ……. মানুহহোৱাৰহে প্ৰয়োজন ! * * * *
নৱজিৎ কলিতা
চিন্তাৰ টুকুৰা - ১
নাকতহাত থৈয়ে পাৰহৈ যাওঁ মানৱতাকগচকি !
ঠাইডোখৰহেনো বিপদজনক...
নৱজিৎ কলিতা
0 Please Share a Your Opinion.: