কঠিন হৈ পৰে কথাবোৰ। এটা দিন শেষ নোহোৱাৰ ভয়। পুনৰ গতানুগতিক দিন এটা আৰম্ভ হোৱাৰ ভয়। ভয় আৰু শংকাৰে কথাবোৰ ভৰি পৰিছিল। সেই কথাবোৰেই শুকুৱাই নিছিল মোক। ভোক নলগা হৈছিল, পিয়াহ নলগা হৈছিল। কথাবোৰে হাঁহিবলৈ পাহৰিছিল, পাহৰিছিল কান্দিবলৈ। সদায় কৰি যোৱা এটা মাথোঁ কাম আছিল। সন্ধিয়া গোসাঁই ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰা। ভাতৰ পাতত ভাহি অহা গেঙেৰি, হুমকিবোৰ কথাবোৰৰ মাজে মাজে অভ্যাস হৈ পৰিছিল। তেতিয়াই কুলক্ষণীৰ আখ্যাটো কথাবোৰে নিজৰ কৰি লৈছিল।
গুজৰি গুমৰি আছে কথাবোৰে৷ বৰ প্ৰয়োজন হৈছে চৰিত্ৰ কিছুমানৰ৷ বাটতে আৰম্ভ হ’ব, গৈ থাকিব মানুহবোৰ৷ মানুহবোৰে একেবোৰ কথাকে পাতিব৷ একেবোৰ কামেই কৰিব৷
কথাবোৰৰ জুইৰ দৰে উম থাকে৷ গাবোৰ সেকি থাকে মানুহবোৰে৷ এজুম মানুহৰ পৰা এটা এটাকৈ উঠি গৈ থাকে৷ শেষত দুটা থাকে৷ দুটাৰ পৰা এটা হয় ৷ এটা মানুহ অকলে অকলে বহি ভাবি থাকে কথাবোৰ৷ এৰা ! কথাবোৰ জী আছে৷ গোন্ধাই আছে জীয়া তেজবোৰ৷ ডোঙা বন্ধা তেজবোৰত কথাবোৰ উপঙি আছে ৷
* * * * * * * * *
সেইখিনি জীয়া তেজৰ ইতিহাস সাবটি ছটফটাই আছোঁ৷ কেতিয়াবা অকলশৰীয়া ৰাতিবোৰৰ কেঁকনি উঠে৷ গা-বিষবোৰ ল’ৰা-ছোৱালীহালৰ মাতৰ উমত পাতল হয়৷ ল’ৰাটোৱে হাঁহিব নাজানে৷ ছোৱালীজনীয়ে বুজি নাপায় কথাবোৰ৷
(এক)
: “পেহী, পানীখিনি গৰম হৈ থাকোঁতেই গাটো ধুই নলৱগৈ কিয়?”
ৰ’দজাক পৰিছেহি চোতালখনত৷ বাৰান্দাত পাঁচ-ছটামান ল’ৰা-ছোৱালীক পঢ়ুৱাই আছে৷ মাজে মাজে তাই ভিতৰলৈ উঠি যায়৷ কিবা এটা কৰি আকৌ আহে৷
: চিনু : পেহী, ক৷
: চিনু : পেহী, ক৷
: গৈছোঁ ৰহ৷ ৰ’দত অকণ বহি লওঁ৷ গা-বিষটো পাতল পাম৷
: “মই ওলাই যোৱাৰ আগতে তোক খুৱাই-বোৱাই আজৰি কৰি লওঁ৷ সোনকালে যা আকৌ৷”
তাই পুনৰ পঢ়ুওৱাত মন দিয়ে৷
তাই পুনৰ পঢ়ুওৱাত মন দিয়ে৷
ৰাতিপুৱা-আবেলি তাই আজৰিয়ে নাপায়৷ বহুত ল’ৰা-ছোৱালী পঢ়িবলৈ আহে৷ খুব কষ্ট কৰিব পাৰে চিনুজনীয়ে৷ নিজৰ পঢ়াবোৰো আছে৷ ককায়েকে বাৰে বাৰে সকিয়াই থৈ যায়, নিজৰ খেয়াল ৰাখিবলৈ৷ নুশুনে৷
ককায়েকটো তিনিবছৰ ডাঙৰ৷ বিতু৷ নগাঁৱত মাষ্টৰী কৰে৷ সৰহকৈ বন্ধ পালেহে আহে৷ ময়েই হাক দিছোঁ বৰকৈ আহি নাথাকিবলৈ৷ মিছাতে খৰচ৷ তথাপিও বৰ চিন্তা তাৰ৷ মোৰ সততে হৈ থকা সৰু সৰু বেমাৰবোৰ চম্ভালিব নোৱাৰোঁ বুলি প্ৰতিদিনাই ফ’নত ঘণ্টা ঘণ্টা কথা পাতে৷ ভনীয়েকক অমুকটো-তমুকটো আদেশ দিয়ে৷
ডাঙৰ হৈছে ইহঁতহাল৷ বিউটিৰ মাকে পৰহি ল’ৰাটোৰ কথা কোৱাতহে চিন্তা হৈছে মোৰ৷ চিনুক বিয়া দিবৰে হ’লহি৷ সেই থুপুক-থাপাক খোজ কঢ়াৰ পৰা চিনুজনী এতিয়া চকুৰ আগতে গাভৰু হ’লহি৷ ঘাট-মাউৰা ল’ৰাছোৱালীহালক গত লগাব পাৰিলেই মই শান্তিৰে মৰিব পাৰোঁ ৷ ককায়েকে ভনীয়েকক প্ৰথমে বিয়া দিব৷ তাৰ পৰাহে ঘৰ বনাব৷ নিজৰ মাটি-বাৰীলৈ নাযায়৷ এইবোৰতে ক’ৰবাত মাটি কিনিব৷ এৰা ! চাকৰিটো পাইছেহে৷ লাহে লাহে হৈ থাকিব এইবোৰ৷ ভগৱানে মোৰ বুলিছে যেতিয়া সকলো হ’ব৷
: নিজৰ বুলিবলৈ ইহঁতৰ থাকোঁতে দদায়েক দুটা আছে৷ পিছে, শান্তি নাই সিহঁতৰ৷ থাকিব লাগে আছে৷ ময়ো কৰিব নোৱৰা হ’লোঁ৷ বিতুৱেই তাত থাকিবলৈ নিদিলে৷ এতিয়া নিজৰ মাটি-ভেটি থাকিও এইখন ভাড়াঘৰত থাকিবহি লগা হৈছে৷
ভাড়াঘৰৰ কাষতে থকা বিউটিৰ মাকৰ লগতে দিনটো কথা-বতৰা পাতি থাকোঁ৷ নহ’লে শুই থকাহে কাম৷ বৰকৈ ল’ৰি-ঢাপৰি ফুৰিবলৈ তেজ-বল নাইকিয়া হ’ল আজিকালি৷ বিউটিৰ মাকজনীও অকলে থাকে দিনটো৷ চিনু কলেজলৈ ওলাই যোৱাৰ পাছত নিমাওমাও ঘৰখনত সোমাই থাকি ভাল নালাগে৷ কথা পাতিবলৈকে বিউটিহঁতৰ ঘৰলৈ যাওঁগৈ৷
* * * * * * * * *
কথাবোৰ মই পাহৰি যাব পৰা নহয়৷ সৌ যেন সিদিনাৰহে ! ইমান সজীৱ হৈ থকা কেঁচা কেঁচা তেজৰ ডোঙাবোৰ৷ তাতে উপঙি আছে নোম শিয়ঁৰি উঠা কথাবোৰ৷ কথাৰ আঁৰৰ কথাবোৰ৷ ককাইদেউ-বৌৰ মমতাবোৰ, চেনেহবোৰ তেজৰ ডোঙাত পৰি কক্বকাইছে৷ ঘৰটোৰ বেৰবোৰে তেজৰ চেকাবোৰ লৈ ভয়ত পেপুৱা লাগিছে৷ মজিয়াখনত বিয়পি আছে হিংসা আৰু চয়তানৰ ভয়ংকৰ কিৰীলি৷ কিৰীলিবোৰৰ হাতে হাতে দাবোৰ চিক্মিকাই আছে৷ দাবোৰৰ পৰা টপ্ টপ্কৈ তেজৰ টোপালবোৰ পৰিছে৷ পৰি আছে …….পৰি আছে৷
… … …
: ‘‘ডাঙৰ ককাইদেৱে বিয়া পতাৰ পাছত মোক বিয়া দিছিল৷ দিখৌমুখলৈ৷ তাৰ পাছত ই, বিতু জন্ম হোৱাৰ পাছত মাজুটোৱে এজনী পলুৱাই আনিছিল৷ সৰুটোৱে বিয়া নপতালৈকে মাজুৰ লগতে আছিল৷’’
: ‘‘মাটি-বাৰীৰ কাৰণে ককাই-ভাইৰ চিন হেৰায়৷ তথাপিও কি নিষ্ঠুৰ মানুহ দুটা ! পিছত কি হ’ল সিহঁতৰ?’’ -বিউটিৰ মাকে চাহৰ চচ্টো জুইৰ ওপৰত তুলি মোলৈ নোচোৱাকৈ সোধে৷
: ‘‘চাহ কিয় কৰিব লাগেনো? ভাতকেইটা খাইছোঁহে৷ চিনু ওলাই যোৱা কেতপৰনো হৈছে হয় ?’’
: ‘‘একো নহয়৷ ফিকা চাহহে৷’’
: ‘‘কি হ’ল মানে , পুলিচে ধৰি নিলেহি দুইটা কুকুৰকে৷ মই দিখৌমুখৰ পৰা আহি নাপালোঁহিয়ে৷ ইহঁতৰ মাক-বাপেকক গাঁৱৰ মানুহেই বাৰীৰ পাছফালে খৰি দি আছে, তেনেকুৱাতহে পাইছোঁহি৷ তাৰ পাছত কেইচ খেলিব কোনে তেতিয়া ! মই ল’ৰা-ছোৱালীহালকে চামনে কি কৰিম ! সেইবোৰ কাৰণতে জেইলত সিহঁত বেছিদিন থাকিব লগা নহ’ল৷ পিছে ভগৱানে সকলো বিচাৰ কৰে৷ এতিয়া শান্তি নাই সিহঁতৰ৷ বলিয়া৷ সম্পত্তিৰ মোহত বৰককায়েকৰ ভেটি উচন কৰিবলৈ ধৰিছিল৷ নোৱাৰিলে৷ দুয়োটাকে দেশৰ মানুহে বলিয়া বুলি জানে এতিয়া৷ বিতুৱে হেনো নিজৰ মাটি-বাৰী বিচাৰি নাযায় আৰু ! ময়ো একো নকওঁ৷ তহঁতহে থাকিবি৷ ভালকৈ থাক, মোৰনো কেইদিন !’’
: ‘‘আপুনি কেতিয়া আহিল একেবাৰে ইয়ালৈ?’’
: ‘‘মই ? বৰকাইদেউ আৰু বৌক মাজুৱে আৰু সৰুৱে মিলি কাটিলে বুলি শুনিয়ে যি আহিলোঁ, আৰু শহুৰৰ ঘৰলৈ ঘূৰি যাবলৈ নহ’ল৷ সেই সময়ত চিনুৰ ডেৰবছৰ, বিতুৰ চাৰি নে চাৰে চাৰি৷ কি সতে বাৰু এৰি থৈ যাওঁ !’’
: ‘‘হয় কথাটো৷ চাহ খাওক৷ চেঁচা হ’ব নহ’লে৷ আপোনাক বিচাৰিও নাহিলনে দিখৌমুখৰ পৰা ? কোনেও ?’’
: ‘‘কুলক্ষণীজনীকনো কোনে বিচাৰি আহিব !’’
: ‘‘কি কয়? ভগৱানে ইহঁতক চাবলৈ ইমান ধুনীয়াকৈ মিলাই দিছে৷ আপুনি নথকাহ’লে এই চিনু আৰু বিতুৰ কি হ’লহেঁতেন ?
: ‘‘কটাৰীখন দিয়া৷ ময়েই তামোল চকলিয়াওঁ৷’’
… … …
কেনেকৈ কথাৰ আঁতবোৰ মিলি যায় ! যিবোৰ কথা হ’ব লগা থাকে, নহয়৷ হোৱা আৰু নোহোৱা কথাবোৰ যোৰ পাতি বাগৰি গৈ থাকে৷ দিনৰ পাছত দিন৷ ৰাতিৰ পাছত ৰাতি৷ সময়বোৰ পাৰ হৈ যায় পাখি মেলি৷ কথাবোৰক উৰুৱাই নিয়ে ওপৰলৈ৷ আকৌ তললৈ নমাই আনে৷ কুলক্ষণী বুলি শুনি থকা কথাবোৰ আহি লাহে লাহে কাণত নপৰা হয়হি৷ আঁতৰি গৈ থাকে চকামকা আবেলিবোৰ৷ ৰাতিবোৰৰ চকুপানীবোৰ আৰু দুটা মৃত ল’ৰাৰ মাক হোৱাৰ যন্ত্ৰণাবোৰ৷ ৰিণিকি ৰিণিকি বাজে দূৰত৷ বতাহজাকে খিল্খিলনি অলপ কঢ়িয়াই আনে৷ গালতে চকুলোৱে কৰাল বান্ধে৷
(দুই)
‘‘মানুহটো বিয়াৰ আগতে এদিন দেখিছিলোঁ৷ পাহোৱাল ডেকা৷ শকত কলাফুল৷ কঠিন হাত৷ খেতি মাটি ঢেৰ৷ নিজেই ম’হেৰে খেতি কৰে৷ আমাৰ ঘৰতো খেতি আছে৷ ঘৰৰ এজনী ছোৱালী যদিও কাম সকলো জানিছিলোঁ৷ তাঁত বোৱাৰ পৰা জাকৈ-খালৈ সজালৈকে৷ ভূঁই ৰোৱা, ধান দোৱা কাম কৰাটো আমাৰ স্ফুৰ্টীৰ দৰেহে আছিল৷ শাহু নথকা ঘৰখনত মাইকী মানুহ এজনী৷ ঘৰৰ বাহিৰে-ভিতৰে গোটেইখন৷ আকৌ তাঁত এখন, হাঁহ-পাৰ, গৰু-ছাগলী৷’’
‘‘কিছু কথা পাহৰিছোঁ, কিছু মনত আছে। মৰমীয়াল যেন লগা আটিল মানুহটোৰ মুখখন মনত আছে। প্ৰয়োজনতকৈ বহুত বেছি কষ্ট কৰিব পৰা, ঘাম পিছলি অহা হাত-ভৰিবোৰ মনত আছে। চাকিটো নুমুৱাই ডুব যোৱা উষ্ণ উত্তেজনাৰ ৰাতিবোৰৰ আহ-যাহবোৰ মনত আছে। ভাতৰ কাঁহীখনত মোলৈ বুলি এৰি যোৱা পুঠিমাছ দুজনীৰ কথাবোৰ মনত আছে। আৰু কথা মনত নপৰে অথবা ইচ্ছা কৰিয়েই মনত নেপেলাওঁ ৷’’
: ‘‘প্ৰথমটো ল’ৰা বিয়াৰ এবছৰতে হৈছিল। বাপেকে মাহেকত শুধি খাবলৈ দিখৌত জাল মাৰি বৰালি মাছ তিনিটা আনিছিল। ঢেৰ মানুহ মাতিছিল। ঢেৰ মানুহ আহিছিল। সেইবোৰ মানুহ আকৌ আহিছিল এমাহ মানৰ পাছত মোক সান্ত্বনা দিবলৈ। বিউটিৰ মাক, বিধিৰ লিখন। মানুহবোৰে কথাবোৰ পাতলাই দিছিল।’’
: ‘‘শহুৰ মানুহটো কেনেকুৱা আছিল?’’
: ‘‘তেখেত মনে মনেই থাকে। পুতেকৰ ওপৰত মাত মতা মানুহ নহয়। ল’ৰাটো এথানি হোৱা এবছৰৰ নহওঁতেই আকৌ মাক হ’লোঁ। সেইবাৰো ল’ৰা এটা।’’
: ‘‘কিমান দিন থাকিল ?’’
: ‘‘সি তিনিমাহমান থাকিল। বাপেকে নাম এটা ৰাখিছিল - কৃষ্ণ।’’
* * * * * * * * *
কঠিন হৈ পৰে কথাবোৰ। এটা দিন শেষ নোহোৱাৰ ভয়। পুনৰ গতানুগতিক দিন এটা আৰম্ভ হোৱাৰ ভয়। ভয় আৰু শংকাৰে কথাবোৰ ভৰি পৰিছিল। সেই কথাবোৰেই শুকুৱাই নিছিল মোক। ভোক নলগা হৈছিল, পিয়াহ নলগা হৈছিল। কথাবোৰে হাঁহিবলৈ পাহৰিছিল, পাহৰিছিল কান্দিবলৈ। সদায় কৰি যোৱা এটা মাথোঁ কাম আছিল। সন্ধিয়া গোসাঁই ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰা। ভাতৰ পাতত ভাহি অহা গেঙেৰি, হুমকিবোৰ কথাবোৰৰ মাজে মাজে অভ্যাস হৈ পৰিছিল। তেতিয়াই কুলক্ষণীৰ আখ্যাটো কথাবোৰে নিজৰ কৰি লৈছিল। দুটা মৃত সন্তানৰ মাক হোৱাৰ কুলক্ষণীয়া কথাবোৰে গ্ৰাস কৰি আনিছিল মোক। চাৰিওফালৰ পৰা।
কৃষ্ণৰ জন্মৰ সময়ত বাপেকৰ মুখখন সিমান ফৰকাল নাছিল, যিমান প্ৰথমটো ল’ৰা জন্মৰ সময়ত আছিল। মানুহ সৰহকৈ মাতি শুধি পতা নাছিল কৃষ্ণৰ। মানুহবোৰ সৰহকৈ অহা নাছিল। যিখিনি মানুহ আহিছিল, কৃষ্ণ ঢুকুৱাৰ পাছত সেইখিনিও নহা হৈছিল। কোনেও সেইবাৰ সান্ত্বনা দিয়া নাছিল। সেইবোৰ যেন বিধিৰ লিখন নাছিল। আছিল কুলক্ষণীয়া কখাবোৰৰ গাৰ মঙহ। সেইবোৰ আছিল টুকুৰা টুকুৰে সৰি পৰা মাংসপিণ্ড। কথাবোৰে কঁপি কঁপি মোকেই দোষ দিয়া যেন লাগিছিল।
মই সময়ৰ বহু আগতেই নিমন্ত্ৰণ কৰিছোঁ কথাবোৰক। মোক অভিশাপ দিছে। মই পৰি ৰৈছোঁ মাটিত কাৰোবাৰ দাসী হৈ। মালিকে চুলিত ধৰি চুঁচৰাই নিছে, আদেশ দিছে - “মোৰ মতে কৰ, মোৰ মতে থাক।” কথাবোৰে মোক কাৰোবাৰ দাসী হৈ থাকিবলৈ অভিশাপ দি আকাশলৈ উৰি গৈছে। মোৰ সৈতে থাকি গৈছে কথাৰ চেকাবোৰ। সেইবোৰেই উৰি উৰি আহি চাৰিওফালৰ পৰা মোক বেৰি ধৰিছে।
* * * * * * * * *
কৃষ্ণ ঢুকুৱাৰ ছমাহমানৰ পাছতে বাপেকে মোৰ শোৱা কোঠা বেলেগ কৰিছিল। দিখৌৰ সিপাৰৰ জগৰাহাবি গাঁৱৰ পৰা সতিনী সুমুৱাইছিলহি। মই আঁতৰি গৈছিলোঁ কথাবোৰৰ পৰা। উজাগৰী ৰাতিবোৰত লগ দিছিল কোঠাৰ সিপাৰৰ দেওলগা কথাবোৰে ;কথাবোৰৰ হেঁচাত ঢপ্ঢপাই ঢপ্ঢপাই শান্ত হোৱা, পাখি লগা ফুচ্ফুচনিবোৰে।
(তিনি)
চিনু আৰু বিতু সৰুৰে পৰাই পঢ়া-শুনাত চোকা আছিল। ছাগলী কেইটামান, হাঁহ-পাৰ এজাক, তাঁতশালখন লৈয়ে ঘাট-মাউৰা ল’ৰা-ছোৱালীহালক নিজৰ ভেটিতে ডাঙৰ কৰিছিলোঁ। গাঁৱৰ মানুহেও যথেষ্ট সহায় কৰিছিল। নহ’লেনো তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মাকৰ নিথৰ দেহটোক সাবটি গাখীৰ খাই থকা ডেৰ বছৰীয়া ছোৱালীজনী আজি গাভৰু হয়হি কেনেকৈ ! চিনু গাভৰু হ’লহি। মোৰো বয়স হ’ল। মৃত দুটা ল’ৰাৰ কুলক্ষণীয়া মাকজনী আহি আকৌ মাক হ’লোঁহি কথাবোৰৰ হাতত ধৰি। কথাবোৰেই মোক জীয়াই ৰাখিছে। কথাবোৰ ভাবিয়ে বল পাইছোঁ, এমুঠি খাইছোঁ। এবাৰত জী উঠিছোঁ।
কথাবোৰ জুইশালৰ কাষে কাষে বাগৰি ফুৰে। এতিয়াও ।
********************************************************
চন্দনজ্যোতি ভূঞা, সহকাৰী শিক্ষক কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়, যোৰহাট
( 'কথা' গল্পটো যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৫৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা সাহিত্য প্ৰতিযোগিতাৰ অন্তৰ্গত গল্প প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত গল্প )

0 Please Share a Your Opinion.: