শিক্ষকৰ নিচিন্তিবা কদাপিনিৰ্যাণ,
শিক্ষকেহে কৰে মানৱনিৰ্মাণ ।
সত্য-শুদ্ধ যিটোসৱাৰো যে বুদ্ধ,
জ্ঞান কিন্তু জানিবানহয় সীমাবদ্ধ ।
অজ্ঞানতাই যেনেকৈ যাতনাভুঞ্জায়, জ্ঞানৰ জ্যোতিয়ে সদায়জীৱন উজ্জ্বলায় ।
শৈশৱৰ পৰাই শিশুকশিক্ষা প্ৰদান কৰি,
শিক্ষকেহে গাঁথিব খোজেমানৱতাৰ জৰী ।
গুৰু লগা বিদ্যাযেন পাখি লগাকাঁড়,
লক্ষ্যত উপনীত কৰিগুৰুৱে তৰায় সংসাৰ।
শিক্ষাগুৰুৰ আশীৰ্বাদ যাৰথাকিব লগত,
সিজনেহে পাব পাৰেউন্নতিৰ শিখৰত।
জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণপ্ৰভু ভগৱন্ত,
দ্বাপৰযুগে পৃথিৱীত অৱতাৰধৰন্ত ।
সান্দীপনি নামে গুৰুতশিক্ষা গ্ৰহণ কৰি,
সমস্ত বেদ-শাস্ত্ৰৰজ্ঞানক আৰ্জিলে হৰি।
শিক্ষকেও নিজ কৰ্তব্যবিনে নলভি সন্তুষ্টি,
দায়িত্ব-কৰ্তব্য পালিৰাখা নিজ কীৰ্তি।
শিক্ষাই জীৱন আৰুজীৱনেই শিক্ষা,
সেয়েহে সৱেওকৰা শিক্ষকৰ সন্মানৰক্ষা।
মহেশ্বৰ মেধি
মহেশ্বৰ মেধি * * * *

0 Please Share a Your Opinion.: