Saturday, 2 September 2017

শিক্ষক

     
                                        

   শিক্ষকৰ নিচিন্তিবা কদাপিনিৰ্যাণ,
   শিক্ষকেহে কৰে মানৱনিৰ্মাণ
   সত্য-শুদ্ধ যিটোসৱাৰো যে বুদ্ধ,
   জ্ঞান কিন্তু জানিবানহয় সীমাবদ্ধ
   অজ্ঞানতাই যেনেকৈ যাতনাভুঞ্জায়,
   জ্ঞানৰ জ্যোতিয়ে সদায়জীৱন উজ্জ্বলায়
   শৈশৱৰ পৰাই শিশুকশিক্ষা প্ৰদান কৰি,
   শিক্ষকেহে গাঁথিব খোজেমানৱতাৰ জৰী
   গুৰু লগা বিদ্যাযেন পাখি লগাকাঁড়,
   লক্ষ্যত উপনীত কৰিগুৰুৱে তৰায় সংসাৰ
   শিক্ষাগুৰুৰ আশীৰ্বাদ যাৰথাকিব লগত,
   সিজনেহে পাব পাৰেউন্নতিৰ শিখৰত
   জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণপ্ৰভু ভগৱন্ত,

   দ্বাপৰযুগে পৃথিৱীত অৱতাৰধৰন্ত
   সান্দীপনি নামে গুৰুতশিক্ষা গ্ৰহণ কৰি,
   সমস্ত বেদ-শাস্ত্ৰৰজ্ঞানক আৰ্জিলেহৰি
   শিক্ষকেও নিজ কৰ্তব্যবিনে নলভি সন্তুষ্টি,
   দায়িত্ব-কৰ্তব্য পালিৰাখা নিজ কীৰ্তি
   শিক্ষাই জীৱন আৰুজীৱনে শিক্ষা,
   সেয়েহে সৱেকৰা শিক্ষকৰ সন্মানৰক্ষা
                                    মহেশ্বৰ মেধি

            *     *    *   *  

SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Please Share a Your Opinion.: